Tuesday, 4 June 2013

চক্ৰবেহুৰ মাজত…..

সম্মুখত উচ্চল ধাৱমান
যমুনাৰ লহৰ
পাৰলৈ আহে
উভতি যায় চুই মোৰ চৰণ ৷
পিছফালে
কাঠখৰিৰ দ’মত শুৱাই ৰখা মানৱদেহ
জুইৰ উপহাৰ আগবঢ়াবলৈ সাজু
লগত অহা আত্মীয়, পৰিচিতজন
কোনোবাই কান্দি, কোনোবাই কন্দাৰ ভাও ধৰি৷
নিগম বোধ ঘাট
মানৱ জীৱনৰ অন্তিম সংস্কাৰৰ স্থান
জীৱনৰ অসাৰতা সম্বন্ধীয় বাণীযুক্ত দেৱাল
ৰোদন-চিৎকাৰৰ গধুৰ বতাহ জয় কৰা পৰিবেশ
চহৰৰ জাকজমকতাৰ মাজত স্থিত
চহৰৰ পৰা নিৰ্লিপ্ত!
এতিয়াও অহা নাই সময়
জীৱন-যাত্ৰাৰ  শেষ পৰ্যায়ৰ
এতিয়া আৰম্ভ হৈছেহে মাথোন
জীৱনৰ উৎসাহ ভৰা উৰি ফুৰা স্বপ্নিল অৱস্থা
পিছে ক’ত আহি বহিলো?
ভয় লাগে ক’ৰবাত গৌতমৰ দৰে ওলাই যাওঁ বুলি
বোধিত্বৰ সন্ধানত,
নাই এনে হ’বই নোৱাৰে
ক’ত ৰাজপুত্ৰ গৌতম
ক’ত মই৷
গৌতমৰ অভিজ্ঞতা গৌতমৰ আছিল
মোৰ অভিজ্ঞতা মোৰ নিজৰ
ৰাজমহলৰ পৰা নিলগত জীৱনৰ যথাৰ্থ অনুভৱ৷
আৰু ভাল নালাগে
আন কাৰোবাৰ জীৱনৰ পথ অনুসৰণ কৰি
মই কেৱল মই হৈয়েই থাকিব খোজোঁ৷
নিজৰ জীৱনৰ চাৰিওপিনে ঘেৰি থকা চক্ৰবেহুৰ বাধা
ভেদিবলৈ আছে মোৰ,
অভিমন্যুৰ দৰে দাবী নকৰো মই
যে শিকি লৈছিলো চক্ৰবেহু-ভেদ কৰিবলৈ গৰ্ভত থাকোতেই
জীৱনৰ একো একোটা দিনে মোক শিকাইছেহি
একো একোটা চক্ৰবেহু ভেদিবলৈ৷
মই জানো মোৰ অন্তিম পৰিণতি
এই নিগম বোধ ঘাটেই
কাঁঠৰ দ’মৰ তলত চেপা খোৱা মোৰ দেহ
হৱন-সামগ্ৰী বাকি দিয়া,
এক লিটাৰ দেশী ঘিঁউৰ পাত্ৰৰ পৰা
কাঠত ঘিঁউ চটিউৱা,
দক্ষিণা পাবলৈ উত্ৰাৱল মহাব্ৰাহ্মণ
মুখাগ্নি দিয়া কোনো আত্মীয়
দপদপাই জ্বলি উঠা চিতা
দেহটো জ্বলি শেষ হোৱালৈ বাট চাই
ঔপচাৰিকতা পালন কৰা স্বজন-
বাছ, গাড়ীৰে ঘৰলৈ ওভটাৰ ল’ৰা-লৰি কৰা,
‘ভাল আছিল’, ‘বেয়া আছিল’- নিজৰ নিজৰ মতে
মোৰ মূল্যাঙ্কন কৰা মানুহবোৰ৷
 
সম্মুখত আলকতৰা ঢলা ক’লা আলিবাট
মোক ঘৰৰ সৈতে সংযোগ কৰা আলিবাট
কিমানযে পাৰ্থক্য
ৰাজমহল আৰু ঘৰৰ মাজত৷
আপোনভাৱৰ আনন্দময় সঙ্গীত বাজে ঘৰত
ৰাজমহলৰ ঔপচাৰিকতাত নোসোমায় ঘৰ৷
ঘৰ!
যাৰ প্ৰতিটো ইটাত অংকিত হৈ আছে
মোৰ সংঘৰ্ষৰ কাহিনীবোৰ,
ঘৰৰ বতাহত আছে মোৰ অস্তিত্বৰ সুবাস
তাত নবয়
ইতিহাসৰ পাতৰ বাহি বতাহ
তাত বয়
চক্ৰবেহু ভেদ কৰা শকতিৰে ভৰা
যুঁজাৰু বতাহ৷
মূল: (হিন্দী) অশোক লৱ
অনু: ডঃ মাখন লাল দাস

পাৰ্কৰ বেঞ্চ............

সৌ বেঞ্চত
বহিছিল বৃদ্ধ দম্পতি
বহুদিন ধৰি দেখি আহিছিলো
বৃদ্ধাই হাতত লৈ আহিছিল
প্লাস্টিকৰ মোনা
আহি ৰাখিছিলহি বেঞ্চৰ ওপৰত
দুয়ো কথাত নিমগ্ন হৈ পাহৰি গৈছিল
আশে-পাশে থকা ব্যস্ততা
নাজানো কি বা কথা পাতিছিল-
ল’ৰা-ছোৱালীৰ?
অথবা ল’ৰা-ছোৱালীৰ ল’ৰা-ছোৱালীৰ?
বৃদ্ধাই উলিয়াইছিল প্লাস্টিক-মোনাৰ পৰা
খোৱা-বস্তু
হাতৰৰ তলুৱাত লৈছিল
কেতিয়াবা বুট
কেতিয়াবা বাদাম
কেতিয়াবা চিপ্চ
মলিন ফ্লাস্কৰ পৰা বাকিছিল চাহ
কাপত
দুয়ো চাহ খাই পুনৰ হেৰাই গৈছিল
কথাৰ মাজত৷
আজিকালি বৃদ্ধা নাহে
লাখুটিৰ সহায় লৈ খোজকাঢ়ি
আহি বহি পৰে বৃদ্ধ
য’ত বহিছিল বৃদ্ধা
তাতেই থৈ দিয়ে  লাখুটিডাল
কেতিয়াবা চায় গছবোৰলৈ
কেতিয়াবা ঘাঁহবোৰলৈ
আৰু বহি থাকে নীৰৱে
কেতিয়াবা নাজানো কি বা হয়
অকলে অকলে কথা পাতিব ধৰে
লাখুটিডালৰ সৈতে৷
ভাবোঁ গৈ সোধো
সাহস নহয়
নাজানো মোৰ প্ৰশ্নই গৈ স্পৰ্শ কৰে
তেওঁৰ হৃদয়ৰ কোনটো কোণত
নাজানো হৃদয়ৰ কোনডাল তাঁৰ
হৈ পৰে ঝংকাৰিত
আৰু বাজি উঠে কোনো
উদাস গীত৷
মূল: (হিন্দী) অশোক লৱ
অনু: ডঃ মাখন লাল দাস

साम्प्रदायिकता...সাম্প্ৰদায়িকতা..

मेरे कानों में फुसफुसाया था
मेरा धर्म
मैंने उसका कहना माना
भर लिया कमरा
लाठियों, पत्थरों, चाकुओं से
दोस्त !
क्या तुम्हारा धर्म भी आया था
तुम्हारे पास?
-----अशोक लव

মোৰ কাণত ফুচফুচাইছিল
মোৰ ধৰ্মই
মই তাৰ কথা মানিলো
ভৰাই ল'লো কোঠালি
লাঠি, শিলগুটি ,ছুৰী-কটাৰীৰে
বন্ধু !
তোমাৰ ধৰ্মও আহিছিল নেকি
তোমাৰ কাষলে'?
----অনু: ডঃ মাখন লাল দাস

Friday, 31 May 2013

আশে পাশে কোনো নাই

আশে পাশে কোনো নাই
তথাপি বতাহত কাৰোবাৰ সুবাস
আমোলমোলাই তুলিছে ভিতৰলৈকে
জগাই তুলিছে উল্লাস৷
গছবোৰৰ পাতত কঁপিছে
খাৰুৰ জুণজুণনি
কপালৰ ফোঁটটোৰ দৰে জিলিকিছে
আকাশৰ প্ৰখৰ বেলি ৷
জানুৱাৰীৰ এই উমাল ৰ’দ
কাৰোবাৰ নিকটতাৰ দৰেই
লাগিছে সুখদ৷
সুদুৰৰ দেৱালৰ সিপাৰে
কোনোবা আছে,
আৰু ইয়াত আছে
নদীত জোবোৰা মাৰি উঠি অহা
বতাহৰ সিক্ততা লৈ
নিকটতাৰ ক্ষণবোৰৰ অনুভৱ৷
লগত কোনো নথকাতো
আহি আছে
প্ৰতিজাক বতাহৰ সতে
এক চিনাকী সুবাস৷
অশোক লৱৰ
कोई नहीं है आसपास  কবিতাৰ অসমীয়া ৰূপান্তৰ

দুষ্ট বতাহ..

গছৰ ওপৰলে উঠি উঠি যায়
পাতবোৰ বৰকৈ জোকাৰি দিয়ে,
বেগাই তললৈ নামিও আহে
সোমাই যায় অলিয়ে গলিয়ে ৷
ওচৰৰ নৈখনলৈকো যায়
যেন ঘঁহি ঘঁহি গাহে ধুৱে,
সোঁ-সোঁৱাই কাণত কিবা কৈ
ততালিকে জানো ক’লে উৰা মাৰে৷
शीघ्र प्रकाशित होने वाली आशोक लव जी की
 शिशु-गीतों की पुस्तक ' खोलो अपने बस्ते जी ' से एक गीत..."शरारती हवा" का असमीया अनुवाद
মোৰ বন্ধু শ্ৰীঅশোক লৱ ৰ শিশু-গীতৰ পুস্তিকা  "खोलो अपने बस्ते जी" ৰ এটি গীত
."शरारती हवा"ৰ অসমীয়া ৰূপান্তৰ

শব্দহীন গীত

শব্দ জী নাথাকে
ভাবৰ সংসাৰত
শব্দই নাপায় সেই পৰ্যায়
স্পন্দিত অনুভূতিৰ
একো নকবা
জানো, কি ক’বা
একো নোখোজিবা
জানা, মই কি ক’ম
আহা আজি হেপাহ পলুৱাই জী লওঁ
এই ক্ষণবোৰ
আহা, গাই লওঁ গীত
শব্দহীন……
 Translation of my friend Ashok Luv's hindi poem by the same title.

নিজৰ বাবে এটি কবিতা..

(Assamese translation of my respected friend
 Ashok Lav's hindi poem: 
अपने लिए एक कविता )


বাৰু, এটি কবিতা নিজৰ বাবেই লিখো,
বহুদিন হ'ল নিজৰ সতে কথা পতা নাই
নিজৰ খা-খবৰ লোৱা নাই
আনৰ ইচ্ছা পূৰণ কৰি কৰি
মনত নপৰিল নিজৰ অৱস্থাৰ বুজ লবলৈ ৷

ধাৰণা হয়, সকলো ঠিকেই আছে
কাৰণ বিশেষ একোতো নাই
কোনেও মোক মোৰ বিষয়ে সোধা নাই
সকলো ব্যস্ত, আপোন জগতত মতলীয়া হৈ৷

তেওঁলোকৰ জগতত ঘুৰি-ফুৰি
নিজৰেই পদুলিৰ বাট পাহৰি গ'লো
ব'লা, আজি নিজৰ মনৰ অলিয়ে-গলিয়ে ফুৰি লওঁ
নিজৰ খা-খবৰ সোধো নিজকেই ৷

@ अशोक लव

বাচ স্টপত দ্ৰৌপদী.......

বাচ স্টপত ৰৈ আছিল
আদহীয়া মহিলা৷

এখনৰ পাছত এখনকৈ বাছ আহে উপচি মানুহেৰে,
তেওঁ উঠিব নোৱাৰে
বাচৰ দুৱাৰমুখৰ পৰা উভটি আহে
কান্ধত ওলোমোৱা বেগটোকে চম্ভালে |

'এইবাৰ অহা বাচখনত তেওঁ নিশ্চয় উঠিব'
মনতে ঠাৱৰ কৰি ল'লে,
দুৱাৰমুখলৈকে ওলমি থকা ভীৰৰ মাজেৰে
হাতখন আগবঢ়াই দিলে
হেন্ডেলপাত ঢুকি নাপালে হাতেৰে
দ্ৰাইভাৰে চলাই দিলে বাচ
বাগৰি পৰিল মহিলা
গাৰ ছাল বাকলি এৰাল
চিটিকি পৰিল দূৰৈত টিফিন বাকচ ৷

থেকেচা খাই খুলি গ'ল টিফিন বাকচ
আলিবাটত চিটিকি পৰিল
দুখন শুকান ৰুটি, এডোখৰ আচাৰ
ততালিকে উঠাই ল'লে ৰুটিদুখন
ততালিকে উঠালে আচাৰ
মোহাৰি লৈ তেওঁ পুনৰ ভৰাই থলে
টিফিন বাকচত,
ভৰা বাচ স্টপত
আদহীয়া মহিলা, দ্ৰৌপদী হৈ থিয় হৈ থাকিল ৷
======================ড: মাখন লাল দাস

Translation of my my friend Ashok Lav's poem
बस स्टाप पर द्रौपदी.....अशोक लव

মোৰ পৰিৱেশ.. ------------

নীৰৱতাৰ সাগৰ,
নিস্তব্দতাত বুৰ যোৱা ঢৌ
পদ-চিহ্ন বিহীন শুই থকা বালি,
নিৰ্জন,
স্পন্দনহীন, মুক-
ডালত শুই পৰা পাত,
নিস্পন্দ এলেহুৱা বতাহ
নিথৰ হৈ যোৱা জীৱন ৷
--------------ড: মাখন লাল দাস

Assamese translation of Ashok Lav's hindi poem मेरा परिवेश...

চিলনী আৰু অধিকাৰ/ অশোক লৱ

চিলনীৰ হাঁতোৰাত
চৰাইৰ মঙহ দেখি
চৰাইয়ে নিদিয়ে এৰি
জুখিবলে আকাশৰ পৰিধি ৷
চৰাইবোৰ উৰি ফুৰে
মুখৰিত কৰি তোলে
আকাশৰ চুক-কোণ
সিহঁতৰ কলকলনিৰে |
লাগিলে যি ভুল ধাৰণাই 

নাথাকক কিয় চিলনীৰ,
চৰায়ে কিন্তু নিদিয়ে এৰি
আকাশৰ ওপৰত থকা
নিজ অধিকাৰ খিনি৷ 

-------------------------------------
মূল: (হিন্দী) অশোক লৱ बाज़ और अधिकार / अशोक लव
-----------------------------------
* पुस्तक अनुभूतियों की आहटें

আঁহা, পাহৰি যাওঁ…….

আঁহা, পাহৰি যাওঁ…….
কাৰ-কাৰ
কি- কি কথানো মনত পেলাম
আঁহা, সকলো পাহৰি যাওঁ,
মনত নাথাকিব কোনো বেদনা
মনত নাথাকিব শ্বাসৰুদ্ধতা
ভালেই হ’ব একো মনত নপৰিলে
আঁহা সকলো পাহৰি যাওঁ ৷
.......................................

चलो भूल जाएँ / * अशोक लव 
------------------------
মূল (হিন্দী): অশোক লৱ
অনু: ড০ মাখন লাল দাস

কেনে-কেনে পল….

থৰক-বৰক খোজ
কণমানি শিশু
থুনুক-থানাক মাত
স্নেহভৰা কলকলাই বৈ থকা নৈ
অন্তৰ-মনত যায় বিলীন হৈ
নিশ্চল হাঁহি ৷
ওহ!
হেৰাই গ’ল থুনুক-থানাক মাত৷
শুকাই গ’ল নদী
ছিন্ন-ভিন্ন অন্তৰ-মন
সহন কৰিব নোৱাৰা
বা ক’ব নোৱাৰা স্থিতি৷
থুনুক-থানাক মাতে শিকি ল’লে
শব্দ
কৈ যায় অনবৰত ধাৰা প্ৰবাহ
শিকাইছিলো সিহঁতক ভালদৰে ক’বলৈ
এতিয়া কথাই কথাই
শিকায়৷
নদীয়ে চোতাল এৰি
আন ক’ৰবাত ব’বলৈ ল’লে
কোনো আন আন গলি
সজাবলৈ ল’লে৷
হাঁহিয়ে
নিজৰ পৰিভাষা পাহৰি গ’ল
হঁহাৰ প্ৰচেষ্টাত
শুকান ওঁঠত জমা
প্ৰলেপ ফাঁটি যায়
ওঁঠলৈ আহিব ধৰা
হাঁহি থমকি ৰয়৷
বিয়পি পৰে নীৰৱতা
বায়-বায় কৰে
ঘৰ-চোতালক কৰে গ্ৰাস
প্ৰতি পলে
এখোজ এখোজকৈ বাঢ়ি গৈ থাকে
চুক-কোণ
গ্ৰাস কৰি যায় 
কেনে-কেনে দিন
কেনে-কেনে পল নামি আহে
কেনে-কেনে ৰং সিঁচি দি যায়!

======================================================

মূল: (হিন্দী) অশোক লৱ ...कैसे- कैसे पल , --अशोक लव
অনু: ড০ মাখন লাল দাস

নিৰ্লিপ্ত মন…

ৰামধেনু সদৃশ ৰঙৰ বোল
মৰুভূমি সদৃশ উত্তাপ
কপঁনিতোলা শীতল বতাহ
এঁকা-বেকা ৰেখা যেন
পদপথবোৰ৷
নামে-উঠে
উঠি আগবাঢ়ে
নিৰন্তৰ প্ৰবাহময়ী নৈখনি ভিতৰত জীয়াই
জীৱনটো গতিশীল কৰি ৰাখে
চৰণে৷

পথত অগ্ৰসৰ
নিৰ্লিপ্ত মন,
কয় নিৰন্তৰ----
ব’ল আগুৱাই ব’ল!
মূল: (হিন্দী) অশোক লৱ "निर्लिप्त मन"
অনু: ডঃ মাখন লাল দাস

হয়, মহাশয়.

‘নাই, এতিয়া গল্প-কবিতা সকলো বাদ পৰিছে
আঁঠুৰ বিষটোও বাঢ়ি গৈছে
তোমাৰ মামীয়েযে ৰুইছিল আমগছজোপা
ধুমুহাত সেইজোপা উভালি পৰিছে৷
তেওঁতো গুচি গ’ল
কেবাবছৰো হ’ল
আমগছজোপা চাই
তাৰ ফল খাই
ভাল লাগিছিল
এতিয়া
অধিক নীৰৱতা বিয়পি পৰিছে৷
ইয়াত এটোপালো বৰষুণ নাই
খৰাং হৈ পৰিছে একেবাৰে
ভোক-পিয়াহত মানুহ মৰিছে
নক্সালীয়ে আৰু অধিক মাৰিছে
কিনো কৰিব বেচেৰা নেতাসকলে?
ইয়াত প্ৰতিজন মন্ত্ৰী ভ্ৰষ্ট
চি বি আইৰ তালাচী চলিছে
বহুতো মন্ত্ৰী লুকাইছে-লুকুৱাইছে
দিব খুৱাই-বুৱাই
সকলো কেচ বন্ধ হৈ যাব একেবাৰে৷
চকুৰ দৃষ্টি বৰকৈ কমিছে
এতিয়া পঢ়া-পঢ়ুউৱা বন্ধ হ’ব ধৰিছে৷
তোমাৰ কবিতাৰ কিতাপখন পালোঁ
লিখি দিম সমীক্ষাও
ছোৱালী এজনী আহে
পি এইচ ডি কৰি আছে
কৈ কৈ লিখুৱাই ল’ম তাইৰ হাতে ৷
বাকীনো আৰু কি ক’বলৈ আছে?
কবিতা লিখাটো বেলেগ কথা
জীৱন কটোৱা বেলেগ কথা৷”
ফোনটো থৈ দিলে তেওঁ কৈ ইমানকে ৷
মূল: অশোক লৱ (হিন্দী)
অনু: ডঃ মাখন লাল দাস