Tuesday, 4 June 2013

চক্ৰবেহুৰ মাজত…..

সম্মুখত উচ্চল ধাৱমান
যমুনাৰ লহৰ
পাৰলৈ আহে
উভতি যায় চুই মোৰ চৰণ ৷
পিছফালে
কাঠখৰিৰ দ’মত শুৱাই ৰখা মানৱদেহ
জুইৰ উপহাৰ আগবঢ়াবলৈ সাজু
লগত অহা আত্মীয়, পৰিচিতজন
কোনোবাই কান্দি, কোনোবাই কন্দাৰ ভাও ধৰি৷
নিগম বোধ ঘাট
মানৱ জীৱনৰ অন্তিম সংস্কাৰৰ স্থান
জীৱনৰ অসাৰতা সম্বন্ধীয় বাণীযুক্ত দেৱাল
ৰোদন-চিৎকাৰৰ গধুৰ বতাহ জয় কৰা পৰিবেশ
চহৰৰ জাকজমকতাৰ মাজত স্থিত
চহৰৰ পৰা নিৰ্লিপ্ত!
এতিয়াও অহা নাই সময়
জীৱন-যাত্ৰাৰ  শেষ পৰ্যায়ৰ
এতিয়া আৰম্ভ হৈছেহে মাথোন
জীৱনৰ উৎসাহ ভৰা উৰি ফুৰা স্বপ্নিল অৱস্থা
পিছে ক’ত আহি বহিলো?
ভয় লাগে ক’ৰবাত গৌতমৰ দৰে ওলাই যাওঁ বুলি
বোধিত্বৰ সন্ধানত,
নাই এনে হ’বই নোৱাৰে
ক’ত ৰাজপুত্ৰ গৌতম
ক’ত মই৷
গৌতমৰ অভিজ্ঞতা গৌতমৰ আছিল
মোৰ অভিজ্ঞতা মোৰ নিজৰ
ৰাজমহলৰ পৰা নিলগত জীৱনৰ যথাৰ্থ অনুভৱ৷
আৰু ভাল নালাগে
আন কাৰোবাৰ জীৱনৰ পথ অনুসৰণ কৰি
মই কেৱল মই হৈয়েই থাকিব খোজোঁ৷
নিজৰ জীৱনৰ চাৰিওপিনে ঘেৰি থকা চক্ৰবেহুৰ বাধা
ভেদিবলৈ আছে মোৰ,
অভিমন্যুৰ দৰে দাবী নকৰো মই
যে শিকি লৈছিলো চক্ৰবেহু-ভেদ কৰিবলৈ গৰ্ভত থাকোতেই
জীৱনৰ একো একোটা দিনে মোক শিকাইছেহি
একো একোটা চক্ৰবেহু ভেদিবলৈ৷
মই জানো মোৰ অন্তিম পৰিণতি
এই নিগম বোধ ঘাটেই
কাঁঠৰ দ’মৰ তলত চেপা খোৱা মোৰ দেহ
হৱন-সামগ্ৰী বাকি দিয়া,
এক লিটাৰ দেশী ঘিঁউৰ পাত্ৰৰ পৰা
কাঠত ঘিঁউ চটিউৱা,
দক্ষিণা পাবলৈ উত্ৰাৱল মহাব্ৰাহ্মণ
মুখাগ্নি দিয়া কোনো আত্মীয়
দপদপাই জ্বলি উঠা চিতা
দেহটো জ্বলি শেষ হোৱালৈ বাট চাই
ঔপচাৰিকতা পালন কৰা স্বজন-
বাছ, গাড়ীৰে ঘৰলৈ ওভটাৰ ল’ৰা-লৰি কৰা,
‘ভাল আছিল’, ‘বেয়া আছিল’- নিজৰ নিজৰ মতে
মোৰ মূল্যাঙ্কন কৰা মানুহবোৰ৷
 
সম্মুখত আলকতৰা ঢলা ক’লা আলিবাট
মোক ঘৰৰ সৈতে সংযোগ কৰা আলিবাট
কিমানযে পাৰ্থক্য
ৰাজমহল আৰু ঘৰৰ মাজত৷
আপোনভাৱৰ আনন্দময় সঙ্গীত বাজে ঘৰত
ৰাজমহলৰ ঔপচাৰিকতাত নোসোমায় ঘৰ৷
ঘৰ!
যাৰ প্ৰতিটো ইটাত অংকিত হৈ আছে
মোৰ সংঘৰ্ষৰ কাহিনীবোৰ,
ঘৰৰ বতাহত আছে মোৰ অস্তিত্বৰ সুবাস
তাত নবয়
ইতিহাসৰ পাতৰ বাহি বতাহ
তাত বয়
চক্ৰবেহু ভেদ কৰা শকতিৰে ভৰা
যুঁজাৰু বতাহ৷
মূল: (হিন্দী) অশোক লৱ
অনু: ডঃ মাখন লাল দাস

পাৰ্কৰ বেঞ্চ............

সৌ বেঞ্চত
বহিছিল বৃদ্ধ দম্পতি
বহুদিন ধৰি দেখি আহিছিলো
বৃদ্ধাই হাতত লৈ আহিছিল
প্লাস্টিকৰ মোনা
আহি ৰাখিছিলহি বেঞ্চৰ ওপৰত
দুয়ো কথাত নিমগ্ন হৈ পাহৰি গৈছিল
আশে-পাশে থকা ব্যস্ততা
নাজানো কি বা কথা পাতিছিল-
ল’ৰা-ছোৱালীৰ?
অথবা ল’ৰা-ছোৱালীৰ ল’ৰা-ছোৱালীৰ?
বৃদ্ধাই উলিয়াইছিল প্লাস্টিক-মোনাৰ পৰা
খোৱা-বস্তু
হাতৰৰ তলুৱাত লৈছিল
কেতিয়াবা বুট
কেতিয়াবা বাদাম
কেতিয়াবা চিপ্চ
মলিন ফ্লাস্কৰ পৰা বাকিছিল চাহ
কাপত
দুয়ো চাহ খাই পুনৰ হেৰাই গৈছিল
কথাৰ মাজত৷
আজিকালি বৃদ্ধা নাহে
লাখুটিৰ সহায় লৈ খোজকাঢ়ি
আহি বহি পৰে বৃদ্ধ
য’ত বহিছিল বৃদ্ধা
তাতেই থৈ দিয়ে  লাখুটিডাল
কেতিয়াবা চায় গছবোৰলৈ
কেতিয়াবা ঘাঁহবোৰলৈ
আৰু বহি থাকে নীৰৱে
কেতিয়াবা নাজানো কি বা হয়
অকলে অকলে কথা পাতিব ধৰে
লাখুটিডালৰ সৈতে৷
ভাবোঁ গৈ সোধো
সাহস নহয়
নাজানো মোৰ প্ৰশ্নই গৈ স্পৰ্শ কৰে
তেওঁৰ হৃদয়ৰ কোনটো কোণত
নাজানো হৃদয়ৰ কোনডাল তাঁৰ
হৈ পৰে ঝংকাৰিত
আৰু বাজি উঠে কোনো
উদাস গীত৷
মূল: (হিন্দী) অশোক লৱ
অনু: ডঃ মাখন লাল দাস

साम्प्रदायिकता...সাম্প্ৰদায়িকতা..

मेरे कानों में फुसफुसाया था
मेरा धर्म
मैंने उसका कहना माना
भर लिया कमरा
लाठियों, पत्थरों, चाकुओं से
दोस्त !
क्या तुम्हारा धर्म भी आया था
तुम्हारे पास?
-----अशोक लव

মোৰ কাণত ফুচফুচাইছিল
মোৰ ধৰ্মই
মই তাৰ কথা মানিলো
ভৰাই ল'লো কোঠালি
লাঠি, শিলগুটি ,ছুৰী-কটাৰীৰে
বন্ধু !
তোমাৰ ধৰ্মও আহিছিল নেকি
তোমাৰ কাষলে'?
----অনু: ডঃ মাখন লাল দাস