Friday, 31 May 2013

বাচ স্টপত দ্ৰৌপদী.......

বাচ স্টপত ৰৈ আছিল
আদহীয়া মহিলা৷

এখনৰ পাছত এখনকৈ বাছ আহে উপচি মানুহেৰে,
তেওঁ উঠিব নোৱাৰে
বাচৰ দুৱাৰমুখৰ পৰা উভটি আহে
কান্ধত ওলোমোৱা বেগটোকে চম্ভালে |

'এইবাৰ অহা বাচখনত তেওঁ নিশ্চয় উঠিব'
মনতে ঠাৱৰ কৰি ল'লে,
দুৱাৰমুখলৈকে ওলমি থকা ভীৰৰ মাজেৰে
হাতখন আগবঢ়াই দিলে
হেন্ডেলপাত ঢুকি নাপালে হাতেৰে
দ্ৰাইভাৰে চলাই দিলে বাচ
বাগৰি পৰিল মহিলা
গাৰ ছাল বাকলি এৰাল
চিটিকি পৰিল দূৰৈত টিফিন বাকচ ৷

থেকেচা খাই খুলি গ'ল টিফিন বাকচ
আলিবাটত চিটিকি পৰিল
দুখন শুকান ৰুটি, এডোখৰ আচাৰ
ততালিকে উঠাই ল'লে ৰুটিদুখন
ততালিকে উঠালে আচাৰ
মোহাৰি লৈ তেওঁ পুনৰ ভৰাই থলে
টিফিন বাকচত,
ভৰা বাচ স্টপত
আদহীয়া মহিলা, দ্ৰৌপদী হৈ থিয় হৈ থাকিল ৷
======================ড: মাখন লাল দাস

Translation of my my friend Ashok Lav's poem
बस स्टाप पर द्रौपदी.....अशोक लव

মোৰ পৰিৱেশ.. ------------

নীৰৱতাৰ সাগৰ,
নিস্তব্দতাত বুৰ যোৱা ঢৌ
পদ-চিহ্ন বিহীন শুই থকা বালি,
নিৰ্জন,
স্পন্দনহীন, মুক-
ডালত শুই পৰা পাত,
নিস্পন্দ এলেহুৱা বতাহ
নিথৰ হৈ যোৱা জীৱন ৷
--------------ড: মাখন লাল দাস

Assamese translation of Ashok Lav's hindi poem मेरा परिवेश...

চিলনী আৰু অধিকাৰ/ অশোক লৱ

চিলনীৰ হাঁতোৰাত
চৰাইৰ মঙহ দেখি
চৰাইয়ে নিদিয়ে এৰি
জুখিবলে আকাশৰ পৰিধি ৷
চৰাইবোৰ উৰি ফুৰে
মুখৰিত কৰি তোলে
আকাশৰ চুক-কোণ
সিহঁতৰ কলকলনিৰে |
লাগিলে যি ভুল ধাৰণাই 

নাথাকক কিয় চিলনীৰ,
চৰায়ে কিন্তু নিদিয়ে এৰি
আকাশৰ ওপৰত থকা
নিজ অধিকাৰ খিনি৷ 

-------------------------------------
মূল: (হিন্দী) অশোক লৱ बाज़ और अधिकार / अशोक लव
-----------------------------------
* पुस्तक अनुभूतियों की आहटें

আঁহা, পাহৰি যাওঁ…….

আঁহা, পাহৰি যাওঁ…….
কাৰ-কাৰ
কি- কি কথানো মনত পেলাম
আঁহা, সকলো পাহৰি যাওঁ,
মনত নাথাকিব কোনো বেদনা
মনত নাথাকিব শ্বাসৰুদ্ধতা
ভালেই হ’ব একো মনত নপৰিলে
আঁহা সকলো পাহৰি যাওঁ ৷
.......................................

चलो भूल जाएँ / * अशोक लव 
------------------------
মূল (হিন্দী): অশোক লৱ
অনু: ড০ মাখন লাল দাস

কেনে-কেনে পল….

থৰক-বৰক খোজ
কণমানি শিশু
থুনুক-থানাক মাত
স্নেহভৰা কলকলাই বৈ থকা নৈ
অন্তৰ-মনত যায় বিলীন হৈ
নিশ্চল হাঁহি ৷
ওহ!
হেৰাই গ’ল থুনুক-থানাক মাত৷
শুকাই গ’ল নদী
ছিন্ন-ভিন্ন অন্তৰ-মন
সহন কৰিব নোৱাৰা
বা ক’ব নোৱাৰা স্থিতি৷
থুনুক-থানাক মাতে শিকি ল’লে
শব্দ
কৈ যায় অনবৰত ধাৰা প্ৰবাহ
শিকাইছিলো সিহঁতক ভালদৰে ক’বলৈ
এতিয়া কথাই কথাই
শিকায়৷
নদীয়ে চোতাল এৰি
আন ক’ৰবাত ব’বলৈ ল’লে
কোনো আন আন গলি
সজাবলৈ ল’লে৷
হাঁহিয়ে
নিজৰ পৰিভাষা পাহৰি গ’ল
হঁহাৰ প্ৰচেষ্টাত
শুকান ওঁঠত জমা
প্ৰলেপ ফাঁটি যায়
ওঁঠলৈ আহিব ধৰা
হাঁহি থমকি ৰয়৷
বিয়পি পৰে নীৰৱতা
বায়-বায় কৰে
ঘৰ-চোতালক কৰে গ্ৰাস
প্ৰতি পলে
এখোজ এখোজকৈ বাঢ়ি গৈ থাকে
চুক-কোণ
গ্ৰাস কৰি যায় 
কেনে-কেনে দিন
কেনে-কেনে পল নামি আহে
কেনে-কেনে ৰং সিঁচি দি যায়!

======================================================

মূল: (হিন্দী) অশোক লৱ ...कैसे- कैसे पल , --अशोक लव
অনু: ড০ মাখন লাল দাস

নিৰ্লিপ্ত মন…

ৰামধেনু সদৃশ ৰঙৰ বোল
মৰুভূমি সদৃশ উত্তাপ
কপঁনিতোলা শীতল বতাহ
এঁকা-বেকা ৰেখা যেন
পদপথবোৰ৷
নামে-উঠে
উঠি আগবাঢ়ে
নিৰন্তৰ প্ৰবাহময়ী নৈখনি ভিতৰত জীয়াই
জীৱনটো গতিশীল কৰি ৰাখে
চৰণে৷

পথত অগ্ৰসৰ
নিৰ্লিপ্ত মন,
কয় নিৰন্তৰ----
ব’ল আগুৱাই ব’ল!
মূল: (হিন্দী) অশোক লৱ "निर्लिप्त मन"
অনু: ডঃ মাখন লাল দাস

হয়, মহাশয়.

‘নাই, এতিয়া গল্প-কবিতা সকলো বাদ পৰিছে
আঁঠুৰ বিষটোও বাঢ়ি গৈছে
তোমাৰ মামীয়েযে ৰুইছিল আমগছজোপা
ধুমুহাত সেইজোপা উভালি পৰিছে৷
তেওঁতো গুচি গ’ল
কেবাবছৰো হ’ল
আমগছজোপা চাই
তাৰ ফল খাই
ভাল লাগিছিল
এতিয়া
অধিক নীৰৱতা বিয়পি পৰিছে৷
ইয়াত এটোপালো বৰষুণ নাই
খৰাং হৈ পৰিছে একেবাৰে
ভোক-পিয়াহত মানুহ মৰিছে
নক্সালীয়ে আৰু অধিক মাৰিছে
কিনো কৰিব বেচেৰা নেতাসকলে?
ইয়াত প্ৰতিজন মন্ত্ৰী ভ্ৰষ্ট
চি বি আইৰ তালাচী চলিছে
বহুতো মন্ত্ৰী লুকাইছে-লুকুৱাইছে
দিব খুৱাই-বুৱাই
সকলো কেচ বন্ধ হৈ যাব একেবাৰে৷
চকুৰ দৃষ্টি বৰকৈ কমিছে
এতিয়া পঢ়া-পঢ়ুউৱা বন্ধ হ’ব ধৰিছে৷
তোমাৰ কবিতাৰ কিতাপখন পালোঁ
লিখি দিম সমীক্ষাও
ছোৱালী এজনী আহে
পি এইচ ডি কৰি আছে
কৈ কৈ লিখুৱাই ল’ম তাইৰ হাতে ৷
বাকীনো আৰু কি ক’বলৈ আছে?
কবিতা লিখাটো বেলেগ কথা
জীৱন কটোৱা বেলেগ কথা৷”
ফোনটো থৈ দিলে তেওঁ কৈ ইমানকে ৷
মূল: অশোক লৱ (হিন্দী)
অনু: ডঃ মাখন লাল দাস