Friday, 31 May 2013

আশে পাশে কোনো নাই

আশে পাশে কোনো নাই
তথাপি বতাহত কাৰোবাৰ সুবাস
আমোলমোলাই তুলিছে ভিতৰলৈকে
জগাই তুলিছে উল্লাস৷
গছবোৰৰ পাতত কঁপিছে
খাৰুৰ জুণজুণনি
কপালৰ ফোঁটটোৰ দৰে জিলিকিছে
আকাশৰ প্ৰখৰ বেলি ৷
জানুৱাৰীৰ এই উমাল ৰ’দ
কাৰোবাৰ নিকটতাৰ দৰেই
লাগিছে সুখদ৷
সুদুৰৰ দেৱালৰ সিপাৰে
কোনোবা আছে,
আৰু ইয়াত আছে
নদীত জোবোৰা মাৰি উঠি অহা
বতাহৰ সিক্ততা লৈ
নিকটতাৰ ক্ষণবোৰৰ অনুভৱ৷
লগত কোনো নথকাতো
আহি আছে
প্ৰতিজাক বতাহৰ সতে
এক চিনাকী সুবাস৷
অশোক লৱৰ
कोई नहीं है आसपास  কবিতাৰ অসমীয়া ৰূপান্তৰ

দুষ্ট বতাহ..

গছৰ ওপৰলে উঠি উঠি যায়
পাতবোৰ বৰকৈ জোকাৰি দিয়ে,
বেগাই তললৈ নামিও আহে
সোমাই যায় অলিয়ে গলিয়ে ৷
ওচৰৰ নৈখনলৈকো যায়
যেন ঘঁহি ঘঁহি গাহে ধুৱে,
সোঁ-সোঁৱাই কাণত কিবা কৈ
ততালিকে জানো ক’লে উৰা মাৰে৷
शीघ्र प्रकाशित होने वाली आशोक लव जी की
 शिशु-गीतों की पुस्तक ' खोलो अपने बस्ते जी ' से एक गीत..."शरारती हवा" का असमीया अनुवाद
মোৰ বন্ধু শ্ৰীঅশোক লৱ ৰ শিশু-গীতৰ পুস্তিকা  "खोलो अपने बस्ते जी" ৰ এটি গীত
."शरारती हवा"ৰ অসমীয়া ৰূপান্তৰ

শব্দহীন গীত

শব্দ জী নাথাকে
ভাবৰ সংসাৰত
শব্দই নাপায় সেই পৰ্যায়
স্পন্দিত অনুভূতিৰ
একো নকবা
জানো, কি ক’বা
একো নোখোজিবা
জানা, মই কি ক’ম
আহা আজি হেপাহ পলুৱাই জী লওঁ
এই ক্ষণবোৰ
আহা, গাই লওঁ গীত
শব্দহীন……
 Translation of my friend Ashok Luv's hindi poem by the same title.

নিজৰ বাবে এটি কবিতা..

(Assamese translation of my respected friend
 Ashok Lav's hindi poem: 
अपने लिए एक कविता )


বাৰু, এটি কবিতা নিজৰ বাবেই লিখো,
বহুদিন হ'ল নিজৰ সতে কথা পতা নাই
নিজৰ খা-খবৰ লোৱা নাই
আনৰ ইচ্ছা পূৰণ কৰি কৰি
মনত নপৰিল নিজৰ অৱস্থাৰ বুজ লবলৈ ৷

ধাৰণা হয়, সকলো ঠিকেই আছে
কাৰণ বিশেষ একোতো নাই
কোনেও মোক মোৰ বিষয়ে সোধা নাই
সকলো ব্যস্ত, আপোন জগতত মতলীয়া হৈ৷

তেওঁলোকৰ জগতত ঘুৰি-ফুৰি
নিজৰেই পদুলিৰ বাট পাহৰি গ'লো
ব'লা, আজি নিজৰ মনৰ অলিয়ে-গলিয়ে ফুৰি লওঁ
নিজৰ খা-খবৰ সোধো নিজকেই ৷

@ अशोक लव

বাচ স্টপত দ্ৰৌপদী.......

বাচ স্টপত ৰৈ আছিল
আদহীয়া মহিলা৷

এখনৰ পাছত এখনকৈ বাছ আহে উপচি মানুহেৰে,
তেওঁ উঠিব নোৱাৰে
বাচৰ দুৱাৰমুখৰ পৰা উভটি আহে
কান্ধত ওলোমোৱা বেগটোকে চম্ভালে |

'এইবাৰ অহা বাচখনত তেওঁ নিশ্চয় উঠিব'
মনতে ঠাৱৰ কৰি ল'লে,
দুৱাৰমুখলৈকে ওলমি থকা ভীৰৰ মাজেৰে
হাতখন আগবঢ়াই দিলে
হেন্ডেলপাত ঢুকি নাপালে হাতেৰে
দ্ৰাইভাৰে চলাই দিলে বাচ
বাগৰি পৰিল মহিলা
গাৰ ছাল বাকলি এৰাল
চিটিকি পৰিল দূৰৈত টিফিন বাকচ ৷

থেকেচা খাই খুলি গ'ল টিফিন বাকচ
আলিবাটত চিটিকি পৰিল
দুখন শুকান ৰুটি, এডোখৰ আচাৰ
ততালিকে উঠাই ল'লে ৰুটিদুখন
ততালিকে উঠালে আচাৰ
মোহাৰি লৈ তেওঁ পুনৰ ভৰাই থলে
টিফিন বাকচত,
ভৰা বাচ স্টপত
আদহীয়া মহিলা, দ্ৰৌপদী হৈ থিয় হৈ থাকিল ৷
======================ড: মাখন লাল দাস

Translation of my my friend Ashok Lav's poem
बस स्टाप पर द्रौपदी.....अशोक लव

মোৰ পৰিৱেশ.. ------------

নীৰৱতাৰ সাগৰ,
নিস্তব্দতাত বুৰ যোৱা ঢৌ
পদ-চিহ্ন বিহীন শুই থকা বালি,
নিৰ্জন,
স্পন্দনহীন, মুক-
ডালত শুই পৰা পাত,
নিস্পন্দ এলেহুৱা বতাহ
নিথৰ হৈ যোৱা জীৱন ৷
--------------ড: মাখন লাল দাস

Assamese translation of Ashok Lav's hindi poem मेरा परिवेश...

চিলনী আৰু অধিকাৰ/ অশোক লৱ

চিলনীৰ হাঁতোৰাত
চৰাইৰ মঙহ দেখি
চৰাইয়ে নিদিয়ে এৰি
জুখিবলে আকাশৰ পৰিধি ৷
চৰাইবোৰ উৰি ফুৰে
মুখৰিত কৰি তোলে
আকাশৰ চুক-কোণ
সিহঁতৰ কলকলনিৰে |
লাগিলে যি ভুল ধাৰণাই 

নাথাকক কিয় চিলনীৰ,
চৰায়ে কিন্তু নিদিয়ে এৰি
আকাশৰ ওপৰত থকা
নিজ অধিকাৰ খিনি৷ 

-------------------------------------
মূল: (হিন্দী) অশোক লৱ बाज़ और अधिकार / अशोक लव
-----------------------------------
* पुस्तक अनुभूतियों की आहटें