Tuesday, 4 June 2013

পাৰ্কৰ বেঞ্চ............

সৌ বেঞ্চত
বহিছিল বৃদ্ধ দম্পতি
বহুদিন ধৰি দেখি আহিছিলো
বৃদ্ধাই হাতত লৈ আহিছিল
প্লাস্টিকৰ মোনা
আহি ৰাখিছিলহি বেঞ্চৰ ওপৰত
দুয়ো কথাত নিমগ্ন হৈ পাহৰি গৈছিল
আশে-পাশে থকা ব্যস্ততা
নাজানো কি বা কথা পাতিছিল-
ল’ৰা-ছোৱালীৰ?
অথবা ল’ৰা-ছোৱালীৰ ল’ৰা-ছোৱালীৰ?
বৃদ্ধাই উলিয়াইছিল প্লাস্টিক-মোনাৰ পৰা
খোৱা-বস্তু
হাতৰৰ তলুৱাত লৈছিল
কেতিয়াবা বুট
কেতিয়াবা বাদাম
কেতিয়াবা চিপ্চ
মলিন ফ্লাস্কৰ পৰা বাকিছিল চাহ
কাপত
দুয়ো চাহ খাই পুনৰ হেৰাই গৈছিল
কথাৰ মাজত৷
আজিকালি বৃদ্ধা নাহে
লাখুটিৰ সহায় লৈ খোজকাঢ়ি
আহি বহি পৰে বৃদ্ধ
য’ত বহিছিল বৃদ্ধা
তাতেই থৈ দিয়ে  লাখুটিডাল
কেতিয়াবা চায় গছবোৰলৈ
কেতিয়াবা ঘাঁহবোৰলৈ
আৰু বহি থাকে নীৰৱে
কেতিয়াবা নাজানো কি বা হয়
অকলে অকলে কথা পাতিব ধৰে
লাখুটিডালৰ সৈতে৷
ভাবোঁ গৈ সোধো
সাহস নহয়
নাজানো মোৰ প্ৰশ্নই গৈ স্পৰ্শ কৰে
তেওঁৰ হৃদয়ৰ কোনটো কোণত
নাজানো হৃদয়ৰ কোনডাল তাঁৰ
হৈ পৰে ঝংকাৰিত
আৰু বাজি উঠে কোনো
উদাস গীত৷
মূল: (হিন্দী) অশোক লৱ
অনু: ডঃ মাখন লাল দাস

No comments:

Post a Comment