‘নাই, এতিয়া গল্প-কবিতা সকলো বাদ পৰিছে
আঁঠুৰ বিষটোও বাঢ়ি গৈছে
তোমাৰ মামীয়েযে ৰুইছিল আমগছজোপা
ধুমুহাত সেইজোপা উভালি পৰিছে৷
তেওঁতো গুচি গ’ল
কেবাবছৰো হ’ল
আমগছজোপা চাই
তাৰ ফল খাই
ভাল লাগিছিল
এতিয়া
অধিক নীৰৱতা বিয়পি পৰিছে৷
ইয়াত এটোপালো বৰষুণ নাই
খৰাং হৈ পৰিছে একেবাৰে
ভোক-পিয়াহত মানুহ মৰিছে
নক্সালীয়ে আৰু অধিক মাৰিছে
কিনো কৰিব বেচেৰা নেতাসকলে?
ইয়াত প্ৰতিজন মন্ত্ৰী ভ্ৰষ্ট
চি বি আইৰ তালাচী চলিছে
বহুতো মন্ত্ৰী লুকাইছে-লুকুৱাইছে
দিব খুৱাই-বুৱাই
সকলো কেচ বন্ধ হৈ যাব একেবাৰে৷
চকুৰ দৃষ্টি বৰকৈ কমিছে
এতিয়া পঢ়া-পঢ়ুউৱা বন্ধ হ’ব ধৰিছে৷
তোমাৰ কবিতাৰ কিতাপখন পালোঁ
লিখি দিম সমীক্ষাও
ছোৱালী এজনী আহে
পি এইচ ডি কৰি আছে
কৈ কৈ লিখুৱাই ল’ম তাইৰ হাতে ৷
বাকীনো আৰু কি ক’বলৈ আছে?
জীৱন কটোৱা বেলেগ কথা৷”
ফোনটো থৈ দিলে তেওঁ কৈ ইমানকে ৷
মূল: অশোক লৱ (হিন্দী)
অনু: ডঃ মাখন লাল দাস
No comments:
Post a Comment