আশে পাশে কোনো
নাই
তথাপি বতাহত কাৰোবাৰ
সুবাস
আমোলমোলাই তুলিছে
ভিতৰলৈকে
জগাই তুলিছে উল্লাস৷
গছবোৰৰ পাতত কঁপিছে
খাৰুৰ জুণজুণনি
কপালৰ ফোঁটটোৰ দৰে জিলিকিছে
আকাশৰ প্ৰখৰ বেলি ৷
জানুৱাৰীৰ এই উমাল ৰ’দ
লাগিছে সুখদ৷
সুদুৰৰ দেৱালৰ সিপাৰে
কোনোবা আছে,
আৰু ইয়াত আছে
নদীত জোবোৰা মাৰি উঠি অহা
বতাহৰ সিক্ততা লৈ
নিকটতাৰ ক্ষণবোৰৰ অনুভৱ৷
লগত কোনো নথকাতো
আহি আছে
প্ৰতিজাক বতাহৰ সতে
এক চিনাকী সুবাস৷
অশোক লৱৰ
कोई नहीं है आसपास কবিতাৰ অসমীয়া ৰূপান্তৰ
No comments:
Post a Comment